1) Discuss the types of Fundamental Rights in our Constitution ?
Ans- মৌলিক অধিকাৰৰ প্রধান প্ৰকাৰসমূহ তলত আলােচনা কৰা হ'ল—
১/ সমতাৰ অধিকাৰ
সমতাৰ অধিকাৰ ভাৰতবৰ্ষৰ ভৌগােলিক পৰিসীমাৰ ভিতৰত আইনৰ চকুত সমতা আৰু সমসুৰক্ষিত হােৱাকে বুজায়। ভাৰতৰ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছেদলৈকে সমতাৰ অধিকাৰৰ বিষয়ে ব্যাখ্যা কৰা
১৪ নং অনুচ্চেদৰ মূল কথা হ’ল ‘আইনৰ চকুত সকলাে সমান’। ভাৰতত থকাসকলাে লােকে জাতি, ধর্ম বর্ণ, লিংগ নির্বিশেষে আইনৰ দ্বাৰা সমব্যৱহাৰ পাব লাগিব।
১৫ নং অনুচ্ছেদ অনুসৰি সামাজিক সমতা স্থাপনৰ ব্যৱস্থা কৰা হৈছে। ‘চাতি, ধর্ম, বর্ণ, লিংগ নির্বিশেষে চৰকাৰে সকলােকে সমান ব্যৱহাৰ কৰিব ।
১৬ নং অনুচ্ছেদ অনুসৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলােকে সমান ৱিহাৰ কৰিব লাগিব। জাতি, ধর্ম, বর্ণ, লিংগৰ ওপৰত ভিত্তি কৰি কোনাে গিরিবকে চাকৰিৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰিব নােৱাৰিব।
৭ নং অনুচ্ছেদ অনুসৰি সমাজত অস্পৃশ্য বর্জন কৰিব লাগিব
স্পৃশ্যতাক এক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হৈছে। জাতি, ধর্ম, বর্ণ, নংগৰ ওপৰত ভিত্তি কৰি কোনাে নাগৰিকে ৰাইজৰ পুঁজিৰে নির্মিত হাট, জাৰ, হােটেল, শিক্ষানুষ্ঠান, আলিবাট, ৰাজহুৱা আস্থান আদি ব্যৱহাৰৰ পৰা ঞ্চি কৰিব নােৱাৰিব।
১৮ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰই প্ৰদান কৰা উপাধিৰ দ্বাৰা যাতে সমাজত সিমা সৃষ্টি নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
২/ স্বাধীনতাৰ অধিকাৰ
ভাৰতৰ সংবিধানৰ ১৯ নং অনুচ্ছেদৰ পৰা ২২ নং অনুচ্ছেদলৈকে ৰতীয় নাগৰিকৰ স্বাধীতাৰ অধিকাৰ উল্লেখ আছে। নাগৰিকৰ মৌলিক ধিকাৰৰ ভিতৰত এই অধিকাৰ অতি গুৰুত্বপূর্ণ অধিকাৰ।
১৯ নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ বাবে স্বাধীনতা অন্তর্ভুক্ত কৰা হৈছে। ১৯ নং অচ্ছেদত কোৱা হৈছে যে— ভাৰতৰসকলে নাগৰিকে -
১। কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা।
২। নিৰস্ত্ৰ আৰু শান্তিপূর্ণভাৱে সমবেত হােৱাৰ অধিকাৰ।
৩।সংস্থাআৰু সংঘ গঠন কৰাৰ অধিকাৰ।
৪। ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভতৰত স্বাধীনভাৱে চলাচল স্বাধীনতা।
৫| ভাৰতবৰ্ষৰ যিকোনাে ঠাইতে বসবাস কৰাৰ অধিকাৰ
৬। যিকোনাে চাকৰি নাইবা ব্যৱসায় কৰাৰ অধিকাৰ উপভােগ কৰিব f - ২০, ২১ আৰু ২২ নং অনুচ্ছেদত ভাৰতীয় নাগৰিকৰ জীৱনৰ আৰু ব্যক্তিগত মর্যাদাৰ স্বাধীনতা প্ৰদান কৰা হৈছে। ২০ নং অনুচ্ছেদত কোর্ব হৈছে যে, কোনাে অভিযুক্ত লােকক নিজৰ বিপক্ষে সাক্ষী দিবলৈ বাধ্য কৰাব নোৱােৰিব।
২১ নং অনুচ্ছেদ অনুসৰি আইনৰ দ্বাৰা প্ৰতিস্থিত পদ্ধতিৰ বাহিৰে আ কোনাে উপায়ে কোনাে ব্যক্তিক জীৱন আৰু ব্যক্তিগত স্বতন্ত্রতাৰ পৰা বঞ্চিা কৰিব নােৱাৰিব।
২২ নং অনুচ্ছেদ অনুসৰি কোনাে লােকক আটক কৰিলে তেওঁক আট কৰাৰ কাৰণ জনাব লাগিব আৰু আটক হােৱা সময়ৰ পৰা ২৪ ঘণ্টাৰ ভিতৰ বিচাৰকৰ ওচৰত হাজিৰ কৰাব লাগিব।
৩ / শোষণৰ বিৰুদ্ধে অধিকাৰ
প্রচলিত সমাজ ব্যৱস্থাৰ পৰা আর্থ-সামাজিক বৈষম্য আৰু শােষণ কৰাৰ উদ্দেশ্যেৰের্ভাৰতীয় সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত শােল বিৰুদ্ধে অধিকাৰ সংযােজন কৰা হৈছে। ২৩ নং অনুচ্ছেদ অনুৰি মানুহক দ্রব্যৰ নিচিনা ব্যৱহাৰ কৰা কোনাে লােকৰ দ্বাৰা জোৰ-জুলুম কৰি কাম ক লােৱাটো একধৰণৰ শােষণ হিচাপে গণ্য কৰা হৈছে। সংবিধানৰ ২৪ অনুচ্ছেদ অনুসৰি ১৪ বছৰ বয়সৰ তলৰ ল'ৰা-ছােৱালীক কাৰখানা, নাইবা আন কোনাে বিপদসংকুল কামত নিয়ােগ কৰাটো বন্ধ কৰা হৈছে ।
শােষণৰ বিৰুদ্ধে অধিকাৰৰ অন্তর্ভুক্ত ব্যৱস্থাৱলী চূড়ান্ত আৰু ৰাষ্ট্ৰই যিকোনাে পৰিস্থিতিতে ব্যক্তিৰ সন্মান আৰু মর্যাদা ৰক্ষা কৰিবলৈ দায়বদ্ধ।
৪ / ধর্মীয় স্বাধীনতাৰ অধিকাৰ
সংবিধানৰ ২৫ নং অনুচ্ছেদৰ পৰা ২৮ নং অনুচ্ছেদলৈকে এই অধিকাৰ সম্পর্কে ব্যাখ্যা কৰা হৈছে।
২৫ নং অনুচ্ছেদ অনুসৰি সকলাে ধৰ্মৰ লােককে নিজ নিজ ধর্মীয় অনুষ্ঠান প্রতিষ্ঠান নির্মাণ কৰা, ৰক্ষণাবেক্ষণ দিয়া, স্থাৱৰ-অস্থাৱৰ সম্পত্তি অর্জন কৰা আৰু ভােগ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে। ২৭ নং অনুচ্ছেদ অনুৰি ধর্মীয় অনুষ্ঠান নির্মাণ বা মেৰামতি বা পৰিচালনাৰ বাবে বলপূর্বকভাৱে ধন সংগ্রহ কৰাত বাধা আৰােপ কৰা হৈছে। ২৮ নং অনুচ্ছেদ অনুসৰি চৰকাৰী স্বীকৃতিপ্রাপ্ত বা চৰকাৰী সাহায্যপ্রাপ্ত কোনাে শিক্ষানুষ্ঠাতে ধর্মীয় শিক্ষা ব্যৱস্থা কৰিব নােৱাৰিব। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষকএখন ধর্মনিৰপেক্ষ ৰাষ্ট্র হিচাপে
ঘােষণা কৰা হৈছে।
৫ / সাংস্কৃতিক আৰু শিক্ষা বিষয়ক অধিকাৰ
ভাৰতীয় সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত ভাৰতৰ জনসাধাৰণৰ কৃষ্টি-সংস্কৃতি আৰু শিক্ষাগ্রহণৰ স্বাধীনতাদিয়া হৈছে। ২৯ নং অনুচ্ছেদ অনুসৰি ভাৰতৰ সকলাে শ্ৰেণীৰ নাগৰিকে নিজ ভাষা, লিপি আৰু সংস্কৃতি সংৰক্ষণ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে।
৩০ নং অনুচ্ছেদ অনুসৰি সংখ্যালঘু শ্ৰেণীৰ লােকসকলক নিজ ৰুচি অনুসৰি শিক্ষানুষ্ঠান প্রতিষ্ঠা আৰু পৰিচালনা কৰাৰ অধিকাৰ দিয়া হৈছে।
৬ / সাংবিধানিক প্রতিকাৰৰ অধিকাৰ
ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে সাংবিধানিক প্রতিকাৰৰ অধিকাৰ সম্পর্কে আলােচনা কৰিছে। ৩২ নং অনুচ্ছেদটো নাগৰিকৰ মৌলিক অধিকাৰৰ আটাইতকৈ মূল্যবান অনুচ্ছেদ। এই অনুচ্ছেদ অনুসৰি ভাৰতীয় নাগৰিকে তেওঁলােকৰ মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণ দিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ সহায় ল’র পাৰে।
৭ / শিক্ষাৰ অধিকাৰ
৮৬ সংখ্যক সংবিধান সংশােধন আইন, ২০০২ অনুসৰি ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ প্ৰতিজন শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ দিয়া হৈছে।
0 Comments