মাধৱদেৱৰ জন্ম আৰু বাল্যকাল
১৪১১ শক ( ইং ১৪৮৯ চন)ৰ জেঠমাহৰ পৱিত্র কৃষ্ণা প্রতিপদ তিথিত ৰবিবাৰে ৰাতি জগতবাসিৰ চিৰ নমস্য সৰ্বগুণী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰবালিগাৱঁৰ হৰিশিঙাব উজিৰৰ টোলত ভূমিষ্ঠ হয়।
মাধবদেৱৰ পিতৃৰ নাম আছিল গােবিন্দ গিৰি। গােবিন্দ গিৰিৰ আৰু তিনিটা নাম আছিল যেনে, মহােদৰ, দীঘলপুৰীয়া আৰু বৰকণাগিৰি ভূঞা। তেওঁ কায়স্থ সম্প্রদায়ৰ লােক। মাধবদেৱৰ পিতৃ গােবিন্দ গিৰি বাকা ৰজাৰ বিষয়া আছিল। তেওঁ কোচবেহাৰৰ পশ্চিম প্রাঙ্গণত বাকা নামে ঠাইত বসবাস কৰি ঘৰ সংসাৰ কৰি
আছিল। কিন্তু গােবিন্দ গিৰিৰ পত্নী। অনুচিতাৰ অকাল বিয়ােগ হােৱাত মনলৈ অশান্তি আহি তাৰপৰা উজাই। আহি আলিপুখুৰী পালেহি।
আলিপুখুৰীত
কুসমদেৱে গােবিন্দ গিৰিক চিনি পাই নিজ বংশৰ এটি কন্যাক বিয়া দিলে। তাৰ পাচত গােবিন্দ গিৰিয়ে দক্ষিণ পাৰলৈ পত্নী মনােৰমাৰ সৈতে উজাই আহোঁতে আহােম ৰজাৰ বিষয়া হৰিশিঙা বৰাই। লগ পাই ক’ৰ মানুহ কলৈ
যাব বুলি সােধাত গােবিন্দ গিৰিয়ে আদিৰে পৰা অন্তলৈকে সকলাে কথা কোৱাত বৰাই অভয়দি নাৰায়ণপুৰৰ ওচৰৰ বৰবালি গাৱঁৰ টোললৈ লৈ গ'ল।
বৰাই টোলৰ সকলাে দাসদাসীক নিজৰ পৰিয়ালক গােবিন্দগিৰি আৰু মনােৰ্মাক পৰিচাৰ্য্য কৰিবলৈ সাৱধান বাণী শুনাই দিলে।
দুয়াে
তাত সকলােৰে মাজত আনন্দৰে দিন কটাবলৈ ধৰিলে। যথা সহ গােবিন্দগিৰিৰ পত্নীৰ
গৰ্ভত এটি সু- সন্তান জন্ম হােৱাত সকলােৰে ১ আনন্দৰ ঢৌৱে
খেলিলে।
সন্তানটি
জন্ম হােৱাৰ কেইদিন মানৰ পাচতে জন্ম লগ্নৰ সকলো কথা গমি- পিতি গৰলা বাঢ়ৈয়ে ল'ৰাটিৰ অপৰিসীম
মহিমা দেখি প্রখ্যাত নাম ‘মাধব’ দি গুপ্ত নাম
ৰত্নগিৰি থলে। সময়মতে গৃহশুদ্ধি, নামশুদ্ধি জাতকৰ্ম্ম আদি সকলােবােৰ কৰিলে।
সন্তানটি জন্ম হ'বৰ পৰা বৰাৰ টোল চাৰিওপিনে জয়জয়- ময়ময় হ’বলৈ ধৰিলে। পিতৃ মাতৃতকৈ ও বৰা বৰানীৰ মৰম স্নেহ বৃদ্ধি পাই সকলােৰে আলাসৰ লাৰু হবলৈ ধৰিলে। তেওঁ এমাহতে এবছৰীয়া ল'ৰাটো। যেন হ’ল। “এমাহতে ভৈলা এক বৎসৰীয়া যেন”।
মাধব ডাঙৰ হৈ অহাৰ লগে
লগে স্বভাৱ চৰিত্ৰ আদিয়ে সকলােকে মুহিব পাৰিছিল আৰু শাৰীৰিক সৌন্দর্য বলবিক্রম দেখি সকলােৱে জানিছিল। মাধব এজন অৱৰি পুৰুষ। চৰিত্ৰ পুথিমতে, এবাৰ শৈশৱ কালত মাধবদেৱে বৰা উজিৰৰ লগত নৈত গা-ধুৱলৈ গৈছিল।
বৰাউজিৰে মাধৱক নৈ বুৰ নামাৰিবলৈ
ক'লে। কিন্তু মাধৱে উজিৰৰ কথা নামানি নৈ বুৰ মাৰি
বহুত সময়লৈকে অন্তর্ধান হৈ থাকিল। বৰাউজিৰে
বৰ ভয় খাই নৈত বুৰ মাৰি মাধৱক বিচাৰিবলৈ গ'ল আৰু
দেখে যে মাধৱ পানীৰ
তলতে আছে। কিন্তু কোন দোখৰত আছে অনুমান কৰিব নােৱাৰি পাৰলৈ উঠি আহি দেখে যে। মাধৱ পাৰত বহি আছে। মাধব ল’ৰালি কালৰ
পৰা ক্রমান্বয়ে এজন সুথাম। গঢ়ৰ ডেকাপুৰুষ হ’ল। ডেকাকালত
মাধৱে একোটা একোটা আচৰিত কাণ্ড দেখুৱাই সকলােকে তবধ মনাইছিল। এবাৰ হৰিশিঙা বৰাৰ টোলৰ ঘৰত জুই লাগি ধ্বংস হ’ব লগীয়া
হ'ল: কিন্তু জুই
কোনেও নুমাব পৰা নাই, টোলৰ একোথালি ঘৰ পুৰি শেষ
হ’বলগীয়া হ'ল। এনেতে
মাধব গৈ উপিস্থত। হােৱাৰ
লগে লগে জুই নুমাই চিন নাইকিয়া হ’ল আৰু
সকলােৱে দেখি। আচৰিত হ’ল। এবাৰ
বৰাৰ জ্বৰ হৈ ভাত পানী
নােখােৱাকৈ অনাহাৰে কেবাদিনাে কটোৱাৰ পাচত মাধব গৈ বৰাৰ গাত
হাত দিয়াৰ লগে লগে।বাৰ জ্বৰ নৰিয়া ভাল হৈ গ'ল।
বৰাই মাধবক সাক্ষাৎ ভগৱান বুলিয়েই। স্বীকাৰ কৰিলে। মাধবৰ পিতৃ গােবিন্দ আতাৰ নীতি-নিয়ম বৰ বেছি। টোলৰ
ভিতৰত এই নীতি নিয়ম
ৰাখি চলিব নােৱাৰা কাৰণে হৰিশিঙা বৰাক কৈ লেতেকো পুখুৰীৰ
পাৰত এটি খেৰ বাঁহৰ ঘৰ সাজি তিনিও
থাকিবলৈ ললে । এইদৰে ছবছৰ
থকাৰ পাছত মাধবক বৰাই শিক্ষা দীক্ষাৰ সুবিধা কৰি দিলে। মাধবেও বৰাৰ জয়গিৰী অথাৎ খাজনা তােলাৰ কামত সহায় কৰি দিয়ে।
এইদৰে
কিছুদিন কটোৱাৰ পাছত অভাব অনাতন হােৱাত তিনিও এজন সম্বন্ধীয় ভায়েকৰ ঘৰলৈ এদিন পুৱাতে যাত্রা কৰিলে। ভাগৰে জোগৰে তিনিও গধূলি ভায়েকৰ ঘৰ পালেগৈ। ঘৰৰ
বুঢ়িয়ে দুয়ােকে বহিবলৈ পীৰা পানী দিলে, মাধৱক কুঠাৰ এখন আনি দি চোতালৰ আগত
পৰি থকা কাঠ এডাল ফালিবলৈ দিলে। মাধবে খৰি ফালি অতাই কুঠাৰ খন পথালি কৰি
থৈ খৰিৰ ওপৰত বহি জিৰাবলৈ ধৰিলে। এনেতে কানিমুনি বেলিকা গৃহস্থ আহি মাধবৰ মুখলৈ চাই একোনকৈ ভিতৰ সােমাল।। তেওঁলােক তিনিও ৰাতিটো কটাই পিছদিনা হাবু দেশৰ সােবন শিৰিৰ উপনৈ ঘাঘৰ পাৰৰ ঘাঘৰী মাজীৰ ঘৰপাই এজনী বুঢ়ীক খবৰ দিয়াত ঘাঘৰী মাজী লৰালৰিকৈ ওলাই আহি আথে বেথে আঁকোৱালি ধৰি ঘৰলৈ লৈ আহিল। ক’ৰ পৰা আহিল
কৰবাত কিবা খােৱা বােৱা হ’লনে ইত্যাদি
প্রশ্ন কৰিলে মাজীয়ে। তাৰপিছত মাজীয়ে তিনিওকো খুৱাই বােৱাই ৰাতিটো বিশ্ৰামৰ যা-যােগাৰ কৰি
শুবলৈ দিলে। তেওঁলােক তিনিও মাজীৰ ঘৰতে সুখে শান্তিৰে কিছুদিন আছে। এনেতে গােবিন্দ আতাৰ মনােৰমা পত্নীৰ গৰ্ভত এটি কন্যা জন্ম হয়। কন্যাটিৰ জাতকৰ্ম্ম আদি সকলাে খৰচ মাজীেেয় বহন কৰিলে।
তাৰপাচত
মাজীয়ে তিনিওকে বছৰচেৰেক থাকি খেতিখােলা কৰি দুই চাৰি টকা উপার্জন কৰি টনকিয়াল হ’বলৈ ক'লে। এইদৰে কিছুদিন যােৱাৰ পাছত গােবিন্দ আতাই মাজিক ক'লে। আমাৰ
ভালেমান দিন হ’ল এইদৰে
খাই বৈ কাণত কাপােৰ
লৈ থাকিলে নহয়। উর্বশীৰাে বিবাহৰ
তাৰপাছত আতাই সকলােটিৰে সৈতে ভাণ্ডাৰীডুবি পালেহি। সেই সময়ত গয়াপাণি(ৰামদাস ভূঞা) য়েনদীত স্নান কৰি আছিল। আতাই। গয়াপাণিক ভূ হাতত থকা শঙ্কৰদেৱৰ বাতৰি সুধিলে। তেতিয়া গয়াপাণিয়ে তেওঁলােক ক'ৰ পৰা আহিছে? শঙ্কৰদেৱৰ ওচৰলৈ কিয় আহিছে। বুলি সােধাত আতাই কলে পাে-জীৰ বিয়াবাৰুৰ সময় হােৱাত মিটিৰ কুটুম বিচাৰি অহা বুলি ক'লে।
গয়াপাণিয়েও জগন্নাথক্ষেত্র তীর্থ ভ্রমণ কৰি আহি শঙ্কৰদেৱৰ ধৰ্ম্ম লৈছে। গুৰুজনে ৰামদাস নামেৰে গয়াপাণিক প্রখ্যাত কৰি লৈছে। গয়াপাণিয়ে একে কুলৰে বুলি জানি ক’লে ইচ্ছা কৰিলে আমাৰ ওচৰত থাকিব পাৰিব।
তাৰ পাচত আতাই লগত অনা সকলাে বস্তু লৈ গয়াপাণিৰ ওচৰতে। ভাণ্ডাৰী ডুবিতে ঘৰ এটা সজাই সপৰিবাৰে সৈতে বসবাস কৰিবলৈ ল'লে। এইদৰে কিছুদিন থকাৰ পাছত আতাই উর্বশীক গয়াপাণিলৈ বিয়া দিলে। উর্বশী আৰু গয়াপাণিৰ পুত্ৰ ৰামচৰণ, কন্যা উৰ্মিলা।
0 Comments