আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম হয় ১৮৭৪ খৃত তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ বিখ্যাত আগৰৱালা পৰিয়ালত।হাইস্কুলীয়া শিক্ষা তেজপুৰত সমাপ্ত কৰি কলিকতালৈ উচ্চ শিক্ষাৰ বাবে ১৮৯১ চনত যায়। তাতে এফ, এ পঢ়িবলৈ লয়। কলিকতাত থাকোতে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু জোনাকী কাকতৰ অন্যতম পৃষ্ঠপােষকহয়। ফলত বিশ্ববিদ্যালয়ৰ ডিগ্রী নােলােৱাকৈ উভতি আহিপুলিচৰ চাকৰিত সােমায় আৰু শেষত চুপাৰিন্টেণ্ডেট পদৰ পৰা অৱসৰ লয়।
আনন্দচন্দ্ৰ আগৰৱালা জোনাকী যুগৰ এগৰাকী প্রতিভাশালীকবি আছিল। তেওঁৰ একমাত্র কবিতা পুথিখন হ’ল ‘জিলিকনি' (১৯২০)। শতবার্ষিকী জন্মােৎসৱত অপ্রকাশিত কবিতাৰ থুপ ‘পদুমণি’ প্ৰকাশ কৰা হয়। কবি আগৰৱালাৰ ৰচিত কবিতাৰ সংখ্যা সৰহ নহয়, মাত্র ডেৰকুৰি মানহে, আৰু তাৰে এটা অংশ ইংৰাজী কবিতাৰ সফল ভাঙনি।
আনন্দচন্দ্ৰ আগৰৱালা জোনাকী যুগৰ এগৰাকী প্রতিভাশালীকবি আছিল। তেওঁৰ একমাত্র কবিতা পুথিখন হ’ল ‘জিলিকনি' (১৯২০)। শতবার্ষিকী জন্মােৎসৱত অপ্রকাশিত কবিতাৰ থুপ ‘পদুমণি’ প্ৰকাশ কৰা হয়। কবি আগৰৱালাৰ ৰচিত কবিতাৰ সংখ্যা সৰহ নহয়, মাত্র ডেৰকুৰি মানহে, আৰু তাৰে এটা অংশ ইংৰাজী কবিতাৰ সফল ভাঙনি। আনন্দচন্দ্ৰ আগৰৱালাৰ মৌলিক কবিতাৰ সংখ্যা তাকৰ যদিও যি কেইটা আছে সেয়ে তেওঁৰ কবি প্রতিভাৰ পৰিচয় দিয়ে। তেওঁৰ ‘পানেসৈ’, ‘দেৱকন্যা মানৱী বেশেৰে’, তই’, ‘বলম’আদি কবিতা কোমল মধুৰ প্ৰকাশ ভংগী, সবল অনুভূতি, আৰু মৃদুকল্পনাৰ
সৌৰভে আকর্ষণীয় কৰি তুলিছে। চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে তেওঁৰ শব্দচয়ন আৰু প্রকাশভংগীৰ | সাদৃশ্যমন কৰিবলগীয়া। পুৰণি লােকগীতৰ প্ৰভাৱযুক্ত তেওঁৰ দুটি সুন্দৰ কবিতা হল - পানেসৈ আৰু ফুলকোৱৰ। আনন্দচন্দ্ৰ আগৰৱালাৰ
কবিতাত প্রেমে এক বিশিষ্ট স্থান লাভ কৰিছে। আখ্যানমূলক মালিতা সুৰীয়া কবিতা আৰু
খণ্ড গীতি কবিতাত এই সুৰটোৱে নিমজ শব্দচয়ন আৰু চিত্ৰৰ যােগেদি আত্মপ্রকাশ কৰিছে। সৰহ
ভাগ কবিতাতে এটি কৰুণ মৃদু সুৰ ধ্বনিত হৈছে। আগৰৱালাৰ মৌলিক কবিতাতকৈ অনুবাদ কবিতাসমূহৰ
জনপ্রিয়তা আৰু সফলতা বেছি। অনুবাদ কবিতাই তেওঁৰ লেখনীৰ স্পৰ্শক দ্বিজত্ব লাভ কৰিছে।
জীৱন সঙ্গীত, সুখৰ ঠাই’ চহা আৰু পণ্ডিত, যােগী আদি কবিতা অনুবাদ হলেও মৌলিক কবিতাৰ দৰেই উপভােগ্য।
অনুবাদ কবিতা ৰচনাত এই পাৰদৰ্শিতাৰ বাবেই অসমীয়া সাহিত্যত তেওঁ ভাঙনি কোৱৰ ৰূপে পৰিচিত।
সংখ্যাত তাকৰ হ'লেও অসমীয়া ৰােমান্টিক কবিতাৰ পৰম্পৰা সৃষ্টিত আনন্দচন্দ্ৰ আগৰৱালাৰ
অৱদান গুৰুত্বপূর্ণ।
কবিতাৰ উপৰি তেওঁ শিশু পাঠ কিছুমান আৰু বিবিধ গদ্য ৰচনাও কৰিছিল। তেওঁৰ পৰিচনাসমূহ অসমৰ পুৰাতত্ব, প্রাচীন অসমৰ নদ-নদী, পীঠ স্থানবিলাকৰ
বিৱৰণ, অসমত আথ সংস্কৃতিৰ বিস্তাৰ আৰু প্রাচীন আদি লেখনীবােৰ পুৰাতাত্বিক তথ্যৰে পূৰ্ণ যদিও বৈজ্ঞানিক গেৱেষাৰ-ভিত্তি প্রতিষ্ঠিত বুলি ক'ব নােৱাৰি।
0 Comments