মিচিংসকলৰ কৃষি উৎসৱ আলিঃ আয়ী লৃগাং
অসমৰ
ভৈয়াম জনগােষ্ঠী মিচিংসকলৰ কৃষি উৎসৱ আলিঃ আয়ী লৃগাং। এই উৎসৱৰ অন্তৰালত আছে ভূমিৰ
উৰ্বৰতা বৃদ্ধি আৰু পৃথিৱীখনকু শস্য সম্ভৰা কৰি তােলাৰ প্রয়াস।ডাঃ লীলা গগৈৰ মতে,
অসমৰ গ্ৰাম্য আৰু কৃষি সংস্কৃতি মূলতঃ উর্বৰ বিশ্বাসৰ সংস্কৃতি। এই বিখ্যাত উর্ব মতবাদৰ
বাটকটীয়া হ’ল অষ্ট্ৰিকসকল। আলি আই লৃগাংৰ অৰ্থ এনেদৰে দেখুৱাব পাৰি
আলি’ মানে আলু জাতীয় শস্য, মাটিত হােৱা আলু বা মূল। যেনে -
চিংগালিঃ (শিমলু আলু), কামৰালিঃ (তৰা আলু), আনহাতে ‘আঃয়ী’মানে
গছত হােৱা ফল গুটি আৰু গাং’মানে (লৃগ ধাতু সিচ + আংপ্ৰ, আগমন, আৰম্ভণি
সূচোৱা) গাং সিচিবলৈ বা ৰুবলৈ আৰম্ভ কৰা কাৰ্য। ফাগুণ মাহৰ প্ৰথম বুধবাৰে মিচিংসকলে ‘আলি আই লৃগাং’ উৎসৱ আয়ােজন কৰে। বুধবাৰটো শুভ দিন এইয়া মিচিংসকলৰ সৰল
বিশ্বাস।
আলিঃ
আয়ীঃ লৃগাং’ বা চমুকৈ লৃগাং উদযাপনৰ প্রস্তুতি প্রায় আগৰ পৰাই চলােৱা হয়। লৃগাঙত পঃৰ আপং হে ব্যৱহাৰ কৰে।
এইবিধ আপং যিহেতু ছাঁইৰে তৈয়াৰ কৰা হয় আপৰিপক্ক হ’বলৈকো সময়
লাগে অধিক, সেয়েহে পূৰ্বৰ পৰাই প্রস্তুতি চলােৱা হয়। লৃগাংৰ দিনা পুৱাতে উঠি জীয়ৰী-বােৱাৰীসকলে গা ধুই ‘আমনি
আমবৃন’(বৰা চাউল) অন্য লাহী চাউল তৰা পাতেৰে সৰু সৰু টোপালা কৰিবান্ধি সিজায়। এইদৰে পাতত দি সিদ্ধ কৰা
ভাতক ‘পুৰাং’বা নুৰাং আপিৰ্ণ
বােলা হয়। পুৰাঙৰ লগত খাবৰ কাৰণে বিধে বিধে আঞ্জাৰন্ধা হয়। যদিও মাঙ্গলিক কাৰ্যৰ বাবে মাটি মাহত কচুৰ আগ, শুকান মাছ বা মাংস আৰু
খাৰ দি ৰন্ধা হয়। শুকান মাছখিনি কুহি বা চেনি অর্থাৎ বগা ৰঙৰ বাকলি থকা মাছ হ’ব লাগে। আঞ্জাত
তেল ব্যৱহাৰ কৰা নহয়; তেনে কৰিলে শস্য শুকাই যায় বুলি বিশ্বাস। বীজ সিঁচাৰ মাঙ্গলিক কার্য কৰিবৰ বাবে ঘৰৰ গৃহিণীয়ে পুৰাং, পৰে আপংমাটি মাহৰ আঞ্জা পাতত দিয়া শুকান মাছ বা মাংস, আদা,কপাহ, আগতে সংগ্রহ কৰি ৰখা পিৰঃ মেগেলাৰ আই কেইডালমান, আহু
ধানৰ আমনি (কঠীয়া) বা আমলিঃ আদি
এটা অগৃণ’ (হােৱা) ত যতনাই দিয়ে। দি ’ কার্য সমাপন কৰি গৃহস্তই ঘৰলৈ ঘূৰি আহি ভােজন কৰাৰ লগে লগে ঘৰখনত ভােজ-ভাঁত আৰু আপাঙৰ প্ৰয়ােভৰহয়। সেইদিনা প্রতি ঘৰতে পুৰাং আঞ্জা,আপং আদিৰ প্রাচুর্য দেখা যায়।কোনেও কাকো নিমন্ত্রণ নকৰে; কিন্তু হিস্রো-বিদ্বেষ থাকিলেও সেইবােব পাহৰি সেইদিনা প্রত্যেকে প্রত্যেকৰ ঘৰলুৈ নিজে নিজে গৈ লৃগাং খায় । সন্ধিয়াৰ পৰা আৰম্ভ হয় ‘গুমৰাগ চঃমান (বিহু)। ঢােলত চাপৰ
পৰে - ‘গুমৰাগ
গুমৰাগ কেনলক গুমৰাগ।
লগে লগে বৃঃবৃগ বা বৰদুগ’ (ঋতুগত) নিঃতম’ (গীত)ৰ সুললিত সুৰে আকাশ বতাহ, মুখৰিত কৰি তােলে। দুমদুম্ (ঢােল), লুঃপি’(তাল), পেম্পা’(পেপা), গুংগা’(গগনা), লীঃনঃ (বৰকাহ) আৰু নিঃতমৰ সমলয় ধ্বনিত স্বর্গীয় আনন্দৰ অনুভূত প্ৰৱাহিত হয় । গৃহস্থৰ চোতালখনত দঃঞি-পাল’(সূর্য-চন্দ্র), ৰুঃনী-পৃনী’(সৃষ্টিকর্তা), ‘চিনীখাব’(উপৰি পুৰুষ) আদিক সাক্ষী কৰি ৰাইজে গৃহস্থ আর্শবিদ দি গৃহস্থই দিয়া আপং, পুৰাং, আদি খাই অন্য এঘৰত বিহু মাৰিবৰ গুচি যায় । এইদৰে বিহুৰ মাৰি পােৱা ধন আৰু সামগ্ৰীৰে গাঁৱৰ এঘৰত ৰাজহুৱা প্রীতিভােজৰ আয়ােজন কৰা হয়। ইয়াক ‘দপান-তৃপান’ বােলে। এই ‘দপান, তৃঃপনৰ আয়ােজন তৃতীয় দিন পালন কৰা হয়।চতুর্থ দিনা গছকটা, মাটি খন্দা, পথাৰত জই জ্বলােৱা, মাছ ধৰা, ভজা-পােৰা কৰা আদি কার্য নিষিদ্ধ ।পঞ্চম দিনা ‘লৃঃলেন্’অর্থাৎ লৃগাঙৰ বিদায় কার্য সেই বছৰৰ বাবে সম্পন্ন কৰা হয়। আগেয়ে এই কার্য উপলক্ষে ৰুগবাদ অর্থাৎ চিকাৰ কৰি আগবঢ়াই দিয়া প্রথা আছিল। চিকাৰত কিবা এটা মাৰিলে বা মাৰিব পাৰিলে ‘চেঃদিঃ’বা কেদেঃ নাঃনী (বসুমতী মাতু) সন্তুষ্ট হয় বুলি বিশ্বাস। সম্প্রতি এই প্রথা লােপ পাবলৈ ধৰিছে।
0 Comments