Ticker

6/recent/ticker-posts

যতীন্দ্র নাথ দুৱৰা

যতীন্দ্র নাথ দুৱৰা 





অসমীয়া ৰোমাণ্টিক কাব্যৰ ইতিহাসত কবি যতীন্দ্র নাথ দুৱৰাৰ বিশেষ স্থান আছে । কবি দুৱৰাৰ জন্ম হয় ১৮৯২ খৃষ্টাব্দত শিৱসাগৰত । স্কুলীয়া শিক্ষা শিৱসাগৰত শেষ কৰি কলিকতাৰ পৰা বি, এ, পাছ কৰে । এম, এ আৰু বি, এল অধ্যয়ন কৰি শেষত পৰীক্ষাত নবহি কিছুদিন স্কটিছ চাৰ্চ স্কুলত শিক্ষকতা কৰে । পিছত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অসমীয়া অধ্যাপক ৰূপে কাম কৰি অৱসৰ লয় ।

যতীন্দ্র নাথ দুৱৰাই কবি হিচাপে প্রতিষ্ঠা লাভ কৰে বাঁহী কাকতৰ জৰিয়তে। বাঁহী কাকত জৰিয়তে আত্ম প্রকাশ কৰা কবিসকলৰ ভিতৰত দুৱৰাৰ প্রতিষ্ঠা আৰু জনপ্রিয়তা কাটাইতকৈ বেছি। দুৱৰা স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই কবিতাৰ ৰসগ্রাহী। কলিকতাত লণীনাথ বেজবৰা সান্নিধ্য আৰু প্ৰেৰণাই দুৱৰাৰ সাহিত্যিক জীৱনত প্ৰভূত প্ৰভাৱ পেলায়। ইংৰাজ ৰােমান্টিক কবিসকলৰ কাব্যকৃতিৰ দ্বাৰাও তেওঁ প্ৰভাৱিত হৈছে।

দুৱৰাৰ প্রথম কবিতাৰ পুথি হল পাৰাস্যৰ ওমৰ খায়ামৰ ৰুৱায়তৰ সুন্দৰ আৰু নিমজ অসমীয়া ভাঙনি ‘ওমৰ তীর্থ পুথি। এওঁৰ অন্যান্য কাব্য হল - আপােন সুৰ, বনফুল আৰু মৃত্যুৰ পাছত প্রকাশিত মৰমৰসুৰ। ৰুছদেশীয়া কবি টুর্গেনিভৰ Poem in Prose ব আদর্শত কথা-কবিতা নামৰ গদ্য কবিতা পুথিও প্রকাশ কৰিছিল। বনফুলৰ বাবে তেওঁ  সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল ১৯৫২ খৃঃত।

ৰােমান্টিক ভাবাদর্শৰ গীতি কবিতাই পূর্ণ বিকাশ লাভ কৰে যতীন্দ্র নাথ দুৱৰাৰ ৰচনাত। তেওঁৰ আপোেন সুৰ আৰু বনফুলৰ কবিতাসমূহত আত্মনিষ্ঠ গীতি কবিতাৰ প্রকৃতি পূর্ণ। মাত্রাই প্রকাশ পাইছে। কাৰুণ্য দুৱৰাৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। আত্মকেন্দ্রিক কবি দুৱৰাৰ এই কবিতাসমূহত ব্যক্তিগত হা-হুমুনীয়াহ ব্যর্থ প্ৰেমৰ কৰুণ স্মৃতি আৰু সাংসাৰিক দুখত অকলশৰীয়া ভাবৰ আৱেগৰে পৰিপূৰ্ণ। অকলশৰীয়া, সঙ্গীহীন জীৱন, আৰু লােক দৃষ্টিৰ অন্তৰালত জীৱন গীতি ৰচনা, পাহৰণিৰ সোঁতত আশ্ৰয় লৈ জীৱনতৰী সোঁতত এৰি দিয়া  এইকেইটা বৈশিষ্ট্য দুৱৰাৰ কবিতাৰ প্রধান লক্ষণ  দুৱৰাৰ কবিতাৰ বিষন্নতাৰ সুৰ কিছুপৰিমাণে স্বভাৱগত আৰু কিছু পৰিমাণে অভিজ্ঞতা লব্ধ। কবি শেলীৰ দৰে তেৱো সংসাৰৰ কাইটনিত পৰি ক্ষত বিক্ষত হৈ আর্তনাদ কৰিছে। তেওঁৰ কবিতাত শােকৰ বিননি আছে, সাংসাৰিক সুখ লাভত ভৰসা হেৰুৱাইছে, কিন্তু সেই বুলি সম্পূর্ণ নৈৰাশ্যবাদী বুলি ক'ব নােৱাৰি। ভৱিষ্যৎ সম্পর্কে তেওঁ আস্থাহীন নহয়, দুৱৰাৰ কবিতাত কোনাে সমসাময়িক সমস্যা, বা সামাজিকভারে ভয়কি মৰা নাই, কিন্তু অনুভৱৰ আন্তৰিকতাই, ভাৱৰ প্রকাশভঙ্গীৰ মাধুর্যই আৰু ছন্দৰ সাৱলীল।গতিয়ে কবিতাসমূহ হৃদয় সংবাদ কৰিছে। তেওৰ অনুবাদ কাব্য পুথি ওমৰ তীর্থ অনুবাদ হলেও মৌলিক কবিতাৰ দৰেই ৰসাল আৰু সহজ আবেদনশীল


দুৱৰাৰ কবিতাত জীৱন জিজ্ঞাসা নাই, সমসাময়িক সমাজৰ প্ৰতিফলন নাই, জ্বলন্ত সমস্যাৰ প্ৰতি উদাসীন, তথাপি দুৱৰাৰ আত্মগত    বেদনাৰ সুৰ মাধুৰ্য, সহজ আবেদন শীলতা,ছান্দিক সাৱলীলতা, আৰু অনুভৱৰ আন্তৰিকতাই কাব্য ৰসিকক পৰিতৃপ্ত নকৰাকৈ নাথাকে।

এই জনা ব্যক্তিৰ ১৯৬৪ খৃষ্টাব্দত মৃত্যু হয় ।

 







Post a Comment

0 Comments