নলিনীবালা দেৱী
অসমীয়া
কাব্য সাহিত্যত পৰিপূৰ্ণ অতীন্দ্রীয়বাদী কবি হিচাখে নলিনীবালা দেৱীৰ নাম সকলােৰে ওপৰত।
জন্ম হয় ১৮৯৮ খৃঃত। ঘৰখনৰ ঐতিহ্যসম্পন্ন আৰু ৰুচিশীল পৰিৱেশে নলিনীৱালা দেৱীর চৰিত্ৰ
আৰু ব্যক্তিত্ব গঠনত বিশেষভাৱে প্ৰভাৱিত কৰিছিল।কম বয়সতে বিয়া হােৱা নলিনীবালার জীৱনলৈ
একেলগে কেবাটাও দুর্যোগ নামি আহিছিল। স্বামীৰ অকাল মৃত্যু, পুত্রসন্তানৰ বিয়ােগত ভাগি
পৰা শােক সন্তপ্তা নলিনীৱালা দেৱীক পিতৃ নবীনচন্দ্ৰ বৰদলৈৱে উৎসাহ আৰু অনুপ্ৰেৰণাই নলিনীবাৱা
দেৱীক আধ্যাত্মিক বল আৰু সাহস যােগাইছিল। ঘৰতে থাকি ভাৰতীয় দৰ্শনৰ মূল আধাৰ উপনিষদ
আৰু গীতাৰ অধ্যয়ণ,ৰবীন্দ্ৰনাথৰ কবিতা, অসমীয়া কীৰ্ত্তন,নামঘােষা আৰু বৰগীতৰ ধর্মীয়
কথা আৰু সুৰে নলিনীৱালা দেৱীৰ ভাৱচিন্তা আৰু বিশ্বাসক গঢ় দিয়াত বৰঙণি যােগায়। আধ্যাত্মিক
বলেৰে বলীয়ান হৈ পুত্রসােক, বৈধৱ্যৰ যন্ত্রণা সকলাে ভগৱানৰ আশীষ নিৰ্মালি বুলি গ্ৰহণ
কৰি সা লাভ কৰাৰ চেষ্টা কৰে। এনেদৰে কবিৰ ব্যক্তিগত দুখ বেদনা বিচ্ছেদ আধ্যাত্মিক বিচ্ছেদলৈ
উন্নীত হয় আৰু তাৰে ফলস্বৰূপে তেওঁৰ কাপৰ পৰা অতীন্দ্ৰীবাদী কবিতাৰ থুপ-সন্ধিয়াৰ
সুৰ, সপােনৰ সুৰ, পৰশমনি, যুগ দেৱতা, জাগৃতি, আৰু অলকানন্দা এই ছখন কবিতাৰ পুথি প্রকাশ
পায়। কবিতাৰ লগতে পিতৃ নবীনচন্দ্ৰ বৰদলৈৰ জীৱনীস্বৰূপ স্মৃতি তীর্থ’,
‘চৰ্দাৰ পেটেল’, ‘বিশ্বদীপা'—এই তিনিখন জীৱনী ৰচনা কৰে। ‘এৰি অহা দিনবােৰ ’ তেওঁৰ আত্মজীৱনীমূলক পুথি আৰু প্ৰৱন্ধ গ্রন্থ হ’ল ‘শান্তি পথ’। কবিয়ে অলকানন্দ কাব্যগ্রন্থৰ
বাবে ১৯৬৮ খৃত সাহিত্য একডেমীৰ পুৰস্কাৰ লাভ কৰিছিল।
নলিনীৱালা
দেৱীয়ে কবি হিচাপে প্রতিষ্ঠা লাভ কৰে সন্ধিয়াৰ সুৰ প্ৰকাশৰ লগে লগে। কবিৰ আপােন আৰু প্রধান সুৰটি এই কবিতাসমূহত প্রকাশ পাইছে। এইসুৰটি হৈছে আধ্যাত্মিকতাৰ সুৰ, অতিন্দ্রীয় ভাব-তন্ময়তাৰ সুৰ। নৈসর্গিক প্ৰকৃতিৰ বিশাল প্রাঙ্গনত প্রতিবিম্বিত হােৱা সনাতন সৌন্দর্যৰ আভাস কবিয়ে গছে - পাতে, বিৰিখে - লতাই, আকাশে বতাহে উপলব্ধি কৰিছে। জাগতিক বর্ণবৈচিত্র্যৰ অন্তৰালত আত্মগােপন কৰি থকা চিৰ সুন্দৰৰ অস্তিত্বৰ মৃদু শিহৰণ উপলব্ধি কৰিছে আৰু তেওঁৰ অন্বেষণ তথা তেওঁৰ সৈতে মিলনৰ ব্যাকুল আকাঙ্খা তেওঁৰ সৰহভাগ কবিতাৰ মূল বিষয়স্বৰূপে অনুৰণিত হৈছে। আধ্যাত্মিক বেদনাৰ কাৰুণ্যই তেওঁৰ | কবিতাক স্নিগ্ধ সৌন্দর্য প্রদান কৰিছে। ভাৰতীয় বেদান্তদর্শন, জন্মাবাদ, কর্মফলবাদ আৰু ভক্তিবাদে নলিনীৱালাৰ কবিতাক ভাৱপুষ্টকৰিছে।ৰবীন্দ্ৰনাথৰ
কবিতাৰ প্ৰভাৱ তেওঁৰ কাব্য উপলব্ধি কৰা যায়। মুঠতে নলিনীৱালা দেৱীৰ কবিতাত
সৌন্দর্যৰ সন্ধান অসীমৰ প্ৰতি আকর্ষণ, ধুনীয়া ধৰণীৰ ৰূপ-সৌন্দর্য মুগ্ধতা,শব্দৰ মাধুর্য,
ভাবৰ মধুৰতা আৰু ব্যঞ্জনা, ছন্দৰ সুষম লয়, আধ্যত্মিক বিচ্ছেদৰ বেদনা, চিৰ সুন্দৰৰ
মৃদু পৰশৰ অনুভৱ সাৱলীল ৰূপত প্রকাশ পাইছে ।
নলিনীৱালা দেৱীৰ কবিতাৰ অন্য এটি সুৰ হ’ল স্বদেশ প্রীতি। জনমভূমিৰ প্রত্যেক ধূলিকণা কবিৰ মনত পৱিত্র। জনমভূমিৰ প্রতিটো ধূলিকণাতে বিশ্বনিয়ন্তাৰ প্রতিবিম্ব প্রতিফলিত হােৱা অনুভৱ কৰি বাৰে বাৰে ইয়াত জন্ম ল’বলৈ হাবিয়াস কৰিছে ।
অসমীয়া কাব্য সাহিত্যত শ্রেষ্ঠ অতিন্দ্রীয়বাদী কবি হিচাপে নলিনীবালা দেৱীৰ নাম চিৰ যুগমীয়া হৈ থাকিব ।
0 Comments